মৈৰাবাৰীত পথ দুৰ্ঘটনা,স্কুলীয়া ছাত্ৰী সহ গুৰুতৰ বাবে আহত দুজন।
আজি দুপৰীয়া সময়ত মৈৰাবাৰী টাউন ছোৱালী হাইস্কুলৰ সন্মুখত এক পথ দুৰ্ঘটনা সংগঠিত হয়।
পথ দুৰ্ঘটনাটোত পশ্চিম মৈৰাবাৰীৰ নাজিৰুল ইছলাম চৈধ্য বছৰীয়া কন্যা নাৰ্জিন চুলতানা আৰু বাইক চালক ৰাজীৱ আহমেদ গুৰুতৰ বাবে আহত হয়।
As-02 Q4168 পালচাৰ বাইক খনেৰে ৰাজীৱ আহমেদে টাউন ছোৱালীN হাইস্কুলৰ ক্লাছ 6ৰ ছাত্ৰী গৰাকীক খুন্দিয়াই আহত কৰাৰ লগতে নিজেও গুৰুতৰ বাবে আহত হয়।
পথ দুৰ্ঘটনাটোত আহত দুয়োকে বৰ্তমানে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ স্থানান্তৰ কৰিছে মৈৰাবাৰী হস্পিতালৰ চিকিত্সক সকলে।
বৰ্তমানে ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সন্ধৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পালচাৰ বাইক খন জব্দ কৰি থানালৈ লৈ যায়।
আনহাতে মৈৰাবাৰী বিদ্যানগৰ পথত এনেদৰে উদণ্ড বাইক চালক সকলে সঘনাই এনে দুৰ্ঘটনা সংগঠিত কৰাত অঞ্চলটোৰ সচেতন মহলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে আৰক্ষী প্ৰশাসনক এনে উদণ্ড বাইক চালক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
