মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

128

মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।

কিছুদিন পূৰ্বে নগাঁও জিলাৰ নিজ ধিং গাঁৱৰ পৰা ৰাইজে কৰায়ত্ত কৰি ধিং আৰক্ষীক চমজাই দিয়া কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আচমিনা খাতুন মিনা এইবাৰ মৈৰাবাৰী আৰক্ষীৰ জালত।আজি সন্দিয়া মৈৰাবাৰী থানাৰ নিকটৱৰ্তী পেট্ৰল পাম্পৰ ওচৰৰ পৰা দুজনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক মৈৰাবাৰী আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই ৪৪ টা ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ,দুটা মোবাইল ফোন আৰু এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সহ হাতে লুটে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে-ধিংৰ ১০ নং ৱাৰ্ডৰ আচমিনা খাতুন মিনা আৰু হৰজত আলি বুলি জানিব পৰা গৈছে।

আনহাতে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজনক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে।