মেনেজাৰৰ আত্মহত্যাৰ সৈতে কি সম্পৰ্ক আছে সুশান্তৰ আত্মহত্যা

74

সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ চি বি আইৰ তদন্ত অব্যাহত আছে। বিগত প্ৰায় ১০দিন ধৰি চি বি আইয়ে এই ঘটনাৰ সন্দৰ্ভত বহুকেইজন ব্যক্তিক কৰিছে সোধা পোছা। বিশেষতকৈ ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালৰ সদস্যক বিগত কেইবাদিনো ধৰি চি বি আইয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

সুশান্তৰ ঘটনাৰ সমান্তৰালভাৱে এইবাৰ চি বি আইয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে সুশান্তৰ মেনেজাৰ দিশা ছালিয়ানৰ আত্মহ্ত্যাৰ তদন্ত। বৃহস্পতিবাৰৰে পৰা চি বি আইয়ে দিশা ছালিয়ানৰ আত্মহত্যাৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।

দিশা ছালিয়ানৰ আত্মহ্ত্যা আৰু সুশান্তৰ আত্মহত্যাৰ মাজত কোনো সম্পৰ্ক আছিল নেকি সেই দিছো সুক্ষ্মভাৱে বিবেচনা কৰিব চি বি আইয়ে। উল্লেখ্য যে, সুশান্তৰ আত্মহত্যাৰ কিছুদিনৰ পূৰ্বে আত্মহত্যা কৰিছিল সুশান্তৰ মেনেজাৰ দিশা ছালিয়ানে।