মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাৰ এদিন পূৰ্বে দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে মাধ্যমিক শিক্ষা ব’ৰ্ডে বাতিল কৰে পৰীক্ষা।
বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ নতুন তাৰিখ এতিয়াও ঘোষণা কৰা নাই ব’ৰ্ডে।
ইফালে, শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে টুইটাৰত কয় যে, “প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিল কৰিছে। পৰৱৰ্তী তাৰিখ যথা সময়ত ঘোষণা কৰা হব।”
ইয়াৰ পূৰ্বে ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল। ছেবাই জাৰি কৰা জাননী অনুসৰি কাছাৰ জিলাৰ এটা কেন্দ্ৰত ইংৰাজী পৰীক্ষা বাতিল কৰা হৈছিল।
