মেঘালয়ত ৭ দিনৰ বাবে সম্পূৰ্ণ লকডাউন…

86

কোভিড প্ৰতিৰোধৰ বাবে মেঘালয়ত ঘোষণা কৰা হৈছে এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন। অহা ৭ জুনৰ পুৱা ৫ বজাৰ পৰা ১৪ জুনৰ পুৱা ৫ বজালৈ ৰাজ্যখনত বাহাল থাকিব সম্পূৰ্ণ লকডাউন। এই ঘোষণা কৰিছে মেঘালয় চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মাত্ৰ ৫খন জিলাতহে লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সমগ্ৰ ৰাজ্যতেই লকডাউন জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

লক্‌ডাউনৰ সময়ছোৱাত ৰাজ্যখনত ৰাজনৈতিক, ৰাজহুৱা, সামাজিক আৰু ধৰ্মীয় সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। ইয়াৰোপৰি, বৈঠক, সভা আৰু প্ৰশিক্ষণ আদিও সম্পূৰ্ণৰূপ এই সময়ছোৱাত বন্ধ থাকিব। লগতে বন্ধ থাকিব বিয়া-খেল ধেমালি আদি সকলো৷ আন্তঃৰাজ্যিক যাতায়ত বন্ধ থাকিব ৰাজ্যখনত। অৱশ্যে অসম,ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিয়ম।