ডিজিটেল ডেস্কঃ মুহূৰ্তৰ অসাৱধানতাৰ পৰা ঘটিল চৰম ঘটনা! ঘৰত এন্দুৰৰ উৎপাত, গতিকে যুৱতী গৰাকীয়ে এন্দুৰৰ বিহ মিহলাই ৰাখিছিল এটা বিলাহীত। মেগী বনাওঁতে ভুলতে সেই বিলাহীটোৰে ব্যৱহাৰ কৰে যুৱতীগৰাকীয়ে। ইয়াৰ পিছত সেই বিষাক্ত মেগী সেৱন কৰি মুম্বাইৰ যুৱতীগৰাকীৰ মৰ্মান্তিক মৃত্যু হয়। ঘৰত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। যদিও ৰক্ষা কৰিব পৰা নগ’ল।
মৃত গৃহিণীৰ নাম ৰেখা নিশাদ। মুম্বাই চহৰৰ মালাদ অঞ্চলৰ পাস্কেল ৱাডিৰ বাসিন্দা আছিল তেওঁ। আৰক্ষীৰ মতে, ২১ জুলাইত তেওঁ এটা বিলাহীত বিহ মিহলাই নিগনি মাৰিবলৈ থৈছিল। পিছদিনা ভুলতে তেওঁ সেই বিষাক্ত বিলাহীটো মেগীত দিয়ে। আৰক্ষী বিষয়া মুছা দেৱৰ্শীয়ে জনোৱা মতে, টিভি চাই থাকোঁতে গৃহিণীগৰাকীয়ে ৰন্ধা-বঢ়া কৰি আছিল। সেই সময়ত তেওঁ অন্যমনস্ক হৈ বিষাক্ত বিলাহীটোৰে মেগী বনায়। তাৰ পিছত সেই খাদ্য নিজে খায়।
মেগী খোৱাৰ কেইঘণ্টামান পিছত মহিলাগৰাকীয়ে প্ৰচুৰ পৰিমাণে বমি কৰিবলৈ ধৰিলে। যুৱতী গৰাকীৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে বেয়া হৈ আহিছিল। স্বামী আৰু ভাতৃয়ে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ গৈ ভৰ্তি কৰে। এসপ্তাহতকৈও অধিক সময় ধৰি তাত চিকিৎসাধীন হৈ থাকি অৱশেষত শুকুৰবাৰে তেওঁৰ মৃত্যু ঘটে।
এই ঘটনাটোত আৰক্ষীয়ে আকস্মিক মৃত্যুৰ গোচৰ তৰিছে বুলি জানিব পৰা গৈছে। যুৱতী গৰাকীয়ে বিভিন্ন ধৰণৰ কাম কৰি জীৱিকা উপাৰ্জন কৰিছিল। এনে এটা হঠাৎ ঘটনাত ভাগি পৰিছে পৰিয়ালৰ লোক। অঞ্চলটোৰ ওপৰত নামিছে শোকৰ ছাঁ।