মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বিনিময়ত ৫০০০ টকা উৎকোচ লোৱাৰ অভিযোগত আটক কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক। মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত অনলাইনযোগে ৫০০০ টকা লোৱাৰ অভিযোগত জিএমচিএইছৰ ফৰেনচিক বিভাগৰ কৰ্মচাৰী গৌতম দাসক আটক কৰে আৰক্ষীয়ে।
অভিযোগ অনুসৰি, গৌতম দাসে মৰণোত্তৰ প্ৰমাণ পত্ৰৰ বিনিময়ত গুগল পে’ যোগে ধন লৈছিল আগৰৱালা উপাধিৰ এগৰাকী ব্যক্তিৰ পৰা। এই ঘটনা সন্দৰ্ভত জিএমচিএইছ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত মেডিকেল কলেজখনৰ অধীক্ষক অভিজিৎ শৰ্মাই দাখিল কৰে এজাহাৰ।
এই এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।