কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ কংগৰাহল্লী গাঁৱত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বন মৌমাখিৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়ে। মৃত যুৱকজনৰ পৰিচয় চেন্নাপ্পা বুলি জানিব পৰা গৈছে। আহতসকলক হলিক্ৰছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে এজন আহত ব্যক্তিৰ অৱস্থা সংকটজনক।
আৰক্ষীৰ মতে, দেওবাৰে সন্ধিয়া এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সংঘটিত হয় এই ঘটনা। অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰা জ্বলোৱাৰ লগে লগে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সমবেত হোৱা ৰাইজক আক্ৰমণ কৰে বনমৌমাখিৰ জাকে।
দাহস্থলীৰ ওচৰতে এটা মৌচাক আছিল, আৰু মৌমাখিয়ে মৃতদেহ দাহ কৰাৰ বাবে গোট খোৱা মানুহখিনিক আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ পিছতে উপস্থিত সকলৰ মাজত আতংকৰ সৃষ্টি হয়। আক্ৰমণৰ সময়ত চেন্নাপ্পাই গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যুক সাৱটি লয়।
