মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

83

পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। যাৰ পৰিপ্ৰেক্ষিতত আজি মূল্য বৃদ্ধি প্ৰতিৰোধৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ হাউলীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছে।

প্ৰতিবাদকাৰী সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। কোভিড বিধি পালন কৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদৰ লগতে যুৱ কংগ্ৰেছৰ বহু কৰ্মীয়ে।