গোলাঘাটঃ জাতীয় সংগ্ৰামী সেনা, অসমৰ গোলাঘাট জিলা সমিতিৰ সদস্যসকলে মঙলবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত এলপিজি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশচুম্বী মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে আৰু ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশচুম্বী মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায়। যদি চৰকাৰে জনসাধাৰণৰ দাবী মানি নলয় তেন্তে সংগঠনটোৱে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে জাতীয় সংগ্ৰামী সেনা, অসমে।
