মুম্বাইৰ এখন হোটেলত এগৰাকী সাংসদৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। দাদৰ-নগৰ হাভেলীৰ সাংসদ মোহন দেলকৰৰ মৃতদেহ মুম্বাইৰ মৰীণ ড্ৰাইভস্থিত হোটেল চি-গ্ৰীণত উদ্ধাৰ হয় সোমবাৰে।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যাৰ ঘটনা বুলি মন্তব্য কৰিলেও সাংসদগৰাকীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে।