মুম্বাইৰ গোৰেগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ এটা অট্টালিকাত লগা জুইত নিহত হৈছে ৬জনকৈ লোক, আহত প্ৰায় অৰ্ধশতাধিক লোক৷ উল্লেখযোগ্য যে ৭ মহলীয়া অট্টালিকাত লগা জুইত জাহ গ’ল কেইবাখনো বাহন৷আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত ইতিমধ্যেই আৰম্ভ কৰিছে।কিন্তু অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা কেনেকৈ হ’ল বৰ্তমান পর্যন্ত জানিব পৰা নাই।
