মুম্বাইত ৪০ বছৰ পুৰণি অট্টালিকা খহি ১০ জনৰ মৃত্যু

57

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুম্বাইৰ ভিৱন্দীত সোমবাৰে এটা ৪০ বছৰ পুৰণি অট্টালিকা খহি পৰাৰ ফলত কমেও ১০ লোকৰ মৃত্যু ঘটে। ভিৱন্দীৰ ধামনকৰ নাকাৰ সমীপৰ পেটেল কম্পাউণ্ড অঞ্চলত পুৱা খহি পৰে ৩ মহলীয়া অট্টালিকাটো। এই ঘটনাত ১০ জন লোক নিহত হোৱাৰ উপৰিও ২০ জন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। খবৰ অনুসৰি, বৰ্তমানলৈকে ২০ জন লোকক ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও ২০-২৫ জন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে, খহি পৰা জিলানী নামৰ ৩ মহলীয়া অট্টালিকাটোত প্ৰায় ২০ টা পৰিয়ালে বাস কৰিছিল।