মুম্বাই আৰু বাংগালুৰুৰ পৰা বিমানযোগে অসমলৈ অহা সকলো যাত্ৰীয়ে লগত আনিব লাগিব নিগেটিভ আৰটি-পিচিআৰ ৰিপ’ৰ্ট

77

মুম্বাই আৰু বাংগালাৰুৰ পৰা বিমানযোগে অসমলৈ অহা সকলো যাত্ৰীয়ে লগত নিগেটিভ আৰটি-পিচিআৰ ৰিপ’ৰ্ট আনিব লাগিব। সমগ্ৰ দেশত পুনৰ ভয়াবহ হৈ পৰা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। অসম চৰকাৰৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি কৈছে যে অসমৰ যিকোনো বিমান বন্দৰত মুম্বাই আৰু বাংগালুৰুৰ পৰা পৰা উপস্থিত হোৱা বিমান যাত্ৰীয়ে ৭২ ঘণ্টাৰ ভিতৰত নিগেটিভ আৰটি-পিচিআৰ ৰিপ’ৰ্ট বহন কৰিব লাগিব।

আনহাতে কোভিড টেষ্টৰ মূল্যও নিৰ্ধাৰণ কৰি দিয়া হৈছে। লেবৰটৰীত আৰটি-পিচিআৰ কোভিড১৯ টেষ্টৰ বাবে যাত্ৰীয়ে ৫০০ টকা ভৰিব লাগিব। আনহাতে ঘৰৰ পৰা চেম্পল সংগ্ৰহ কৰিবলৈ হলে আৰটি-পিচিআৰ ৰিপ’ৰ্টৰ বাবে ৭০০ টকা প্ৰদান কৰিব লাগিব যাত্ৰীয়ে। ৰেপিড এণ্টিজেন টেষ্টৰ বাবে ২৫০ টকা মূল্য নিৰ্ধাৰণ কৰি দিছে অসম চৰকাৰে।

উল্লেখ্য যে, অসমত এতিয়াও অসমত এতিয়াও কোৰোনা সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰা নাই যদিও দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা। বিশেষকৈ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশত পুনৰ এবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড ১৯য়ে। বিগত ২৪ ঘণ্টাত ভাৰতত ৯৫ হাজাৰৰো অধিক লোক এই ভাইৰাছত সংক্ৰমিত হৈছে।