মুম্বাই আৰক্ষীৰ বিৰুদ্ধে ৰায় দি সুশান্ত সিং গোচৰৰ তদন্ত চিবিআইক অৰ্পণ উচ্চতম ন্যায়ালয়ৰ

62

মুম্বাইঃ বুধবাৰে চিবিআইক অৰ্পণ কৰা হ’ল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰ৷ এক ৰাজহুৱা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে চূড়ান্ত ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায়ে লগতে এই গোচৰৰ তদন্তত চিবিআইক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ মুম্বাই আৰক্ষীক নিৰ্দেশ দিছে৷ ন্যায়ালয়ে লগতে কয় যে তদন্তৰ খাতিৰত প্ৰয়োজনত চিবিআইয়ে নতুনকৈ এফআইআৰ ৰুজু কৰিব পাৰে৷

ইফালে আজি সুশান্তৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ এক আবেদনৰ শুনানিও গ্ৰহণ কৰে৷ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে পাটনাত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ মুম্বাই আৰক্ষীলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ আনহাতে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্তুষ্টি ব্যক্ত কৰি বিহাৰ আৰক্ষীৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেয়ে কয়, ‘ন্যায়ালয়ৰ সিদ্ধান্ত যথেষ্ট সুখী হৈছো৷ এই নিৰ্দেশত ন্যায়ালয়ৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা অধিক বৃদ্ধি পাইছে৷ দেশবাসী এতিয়া নিশ্চিত হৈছে সুশান্ত সিং ৰাজপুতে ন্যায় লাভ কৰিবই৷’

উল্লেখ্য যে, বিহাৰ চৰকাৰৰ আবেদন মৰ্মে কেন্দ্ৰীয় চৰকাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰৰ চিবিআই তদন্তত সন্মতি প্ৰদান কৰিলেও তাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ দাৰস্থ হৈছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী৷ ৰিয়া চক্ৰৱৰ্তীয়ে আবেদনত দাবী কৰিছিল যে এই গোচৰৰ তদন্ত বিহাৰ আৰক্ষীৰ আওতাৰ বাহিৰত হোৱা হেতুকে তাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিহাৰ চৰকাৰে জনোৱা আবেদন গৃহীত হ’ব নোৱাৰে৷ আনহাতে এই গোচৰৰ তদন্ত মুম্বাই আৰক্ষীক অৰ্পণ কৰাৰ অনুৰোধো কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে।