বাক্সা: মুছলপুৰত অবড়ো নেতা জোন দাসৰ বিস্ফোৰক মন্তব্য।
কোচ ৰাজবংশী সকলৰ কমতাপুৰ পোৱাৰ অধিকাৰ আছে – জোন দাস। আজি অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাসে আগবঢ়ায় কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। বিটিআৰত গাঁও অন্তৰ্ভুক্তিয়ে অনাবড়ো জনতাৰ মনত তীব্র বেদনা আনি দিছে যাৰ ফলত অবড়ো সুৰক্ষা সমিতিয়ে ২৪ ঘণ্টীয়া অসম বন্ধ দিব লগীয়া হৈছে। কিন্তু তথাপিও চৰকাৰৰ গা লৰা নাই। বিটিআৰত বসবাস কৰা ২২ লাখ অবড়ো জনতাৰ মাটিৰ সমস্যা, ভাষাৰ সমস্যা এতিয়াও সমাধান হোৱা নাই। আনকি পশু চিকিৎসা বিভাগত ৭৫% নিযুক্তি কেৱল মাত্ৰ জনজাতীয় লোকৰ কাৰণে সংৰক্ষিত। তেন্তে অজনজাতীয় ল’ৰা-ছোৱালীৰ ভৱিষ্যত কি হ’ব? আনফালে বিটিচিৰ সচিবালয়ৰ মূলদ্বাৰত অসমীয়া ভাষাটো সন্নিবিষ্ট কৰিবলৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিলে কিন্তু প্ৰমোদ বড়োৱে অসমীয়া ভাষা সন্নিবিষ্ট নকৰিলে, এই কথাই ইয়াকে প্ৰমাণ কৰে যে প্ৰমোদ বড়ো চৰকাৰৰ সম উন্নয়ন, সম বিকাশ কেৱল মাথো শ্লোগান আছিল। অবড়ো নেতাগৰাকীয়ে ইয়াকো দোহাৰে যে দীপেন বড়োৱে কোৱা অনুসৰি গহপুৰ, বিশ্বনাথ আদি যিসমূহ গাঁও বিটিআৰত অন্তর্ভুক্ত কৰিলে সেইসমূহ গাওঁৰ এটা ঐতিহাসিক সংযোগ আছে। যদি সেয়াই হয় তেন্তে কোঁচ ৰাজবংশী সকলৰো কমতাপুৰ পোৱাৰ অধিকাৰ আছে। কিয়নো চিলাৰায়ৰ কথা ইতিহাস বিদিত। গতিকে একপ্ৰকাৰ সমৰ্থন কৰি অবড়ো নেতা গৰাকীয়ে কোঁচ ৰাজবংশী সকলক অনুসূচীত জনজাতি কৰণ আৰু ৰাজ্য প্ৰদান আইনগত বুলি উল্লেখ কৰে।