মুখ্যমন্ত্ৰীৰ সহার্য পুঁজিলৈ আজমল ফাউণ্ডেচনৰ দহ লাখ টকাৰ বৰঙণি

79

ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ পূৰ্বতে লোৱা সিদ্ধান্ত মৰ্মে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিলৈ বুধবাৰে দহ লাখ টকাৰ চেক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়৷ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমলে ঘোষনা কৰা ১০ লাখ টকা বুধবাৰে আনুষ্ঠানিক ভাৱে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিলৈ অসম প্ৰসাশনিক মহাবিদ্যলয়ত মূখ্যমন্ত্ৰীৰ হাতত চেকযোগে প্ৰদান কৰে আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক ড০ এম আৰ এইচ আজাদ, শৈক্ষিক সঞ্চালক চমিৰ কাঞ্জিলাল আৰু মিডিয়া সম্পাদক হাইদৰ হুছেইন বৰাই ৷