মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণত গামোচা পিন্ধাইছিল এজন কোভিড ৰোগীয়ে

119

মাজুলীত এজন কোভিড আক্ৰান্ত ৰোগীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীৰ অতিৰিক্ত উপায়ুক্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ১৩ মে’ৰ মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ সময়ত এজন লোকে তেওঁক গামোচা পিন্ধাই মাজুলীলৈ আদৰণি জনাইছিল। হৰি প্ৰসাদ পেগু নামৰ লোকজন ১২ মে’ত কোৰোনাত সংক্ৰমিত হৈছিল বুলি প্ৰকাশ কৰিছে অতিৰিক্ত উপায়ুক্তই। আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰতিটো অনুষ্ঠানতে অংশগ্ৰহণো কৰিছিল এই কোভিড আক্ৰান্ত লোকজনে।

কিন্তু এগৰাকী কোভিড পজিটিভ ৰোগীয়ে কিদৰে ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰীৰ সংস্পৰ্শলৈ আহিবলৈ পালে তাক লৈও এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা।