মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৪২০ ধাৰাৰ অধীনত গোচৰ দিয়ক ঋণগ্ৰস্ত মহিলাইঃ সাংসদ গৌৰৱ গগৈ

98

মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ঋণগ্ৰস্ত মহিলাই প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ মাজতে আজি এক ভাৰ্ছুৱেল সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ সময়তো তেওঁ ঋণ ৰেহাইৰ ক্ষেত্ৰত কোনো চৰ্তৰ কথা উল্লেখ কৰা নাছিল। তেন্তে এতিয়া চৰ্ত ক’ৰ পৰা আহিল? অসমীয়া মহিলাসকলক কৰা এনে প্ৰতাৰণাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহিলাসকলে ৪২০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা উচিত বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।

ইফালে ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমন সন্দৰ্ভত পৰোক্ষভাৱে গৌৰৱ গগৈয়ে কয় যে বিজেপি চৰকাৰে বিৰোধীৰ একতা ভাঙিবলৈ ভালদৰেই জানে। চৰকাৰৰ এমাহৰ কাৰ্যকালত সেই কথা ৰাইজে প্ৰত্যক্ষ কৰিছে। কংগ্ৰেছে বিজেপি চৰকাৰৰ ৰাইজৰ কাঠগড়াত ঠিয় কৰাব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।