চাওতে চাওতে পালেহি হেঁপাহৰ ৰঙালী বিহুতি।
অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বিহুটিক লৈ ৰাজ্যজুৰি ব্যাপক উচাহ।
বৃহস্পতিবাৰৰ পৰাই অসমবাসীয়ে পালন কৰিছে বাপতিসাহোন ৰঙালী বিহু।
মুখ্যমন্ত্ৰী হিমন্ত মামা’ৰ ঘৰলৈও আহিল ভাগিনৰ বিহু দল।
মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহতো হুচৰী গালে বিহুৱা দলে।
গৰু বিহুৰ দিনাই সন্ধিয়া মুখ্যমন্ত্ৰীৰ ঘৰত হুচৰি আৰু বিহু নাম গালে গৰখীয়াই।
যোৰহাটৰ নকছাৰীৰ মাইবেলাৰ এটা হুচৰী দলে মুখ্যমন্ত্ৰীৰ ঘৰত হুচৰি গাই ৰাজ্যবাসীৰ কুশল কামনা কৰে।
মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ লগতে কেইবাগৰাকীও নেতা-মন্ত্ৰী, সাংসদ-বিধায়ক উপস্থিত থাকে।
