মুখ্য অতিথিৰ অনুপস্থিতিত ৭২ সংখ্যক গণৰাজ্য দিৱস আয়োজনৰ যো-জা

78

সুদীৰ্ঘ ৫৫ বছৰৰ পিছত ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত নাথাকে এজনো ব্যক্তি ৷

আগন্তুক গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকে বিদেশৰ কোনো সন্মানীয় ব্যক্তি ৷ ভাৰতে আমন্ত্ৰণ জনোৱা নাই কোনো বৰ্হিদেশীয় ব্যক্তিক ৷ ক’ৰোনা মহামাৰীৰ বাবেই ৫৫ বছৰৰ পিছত এই সিদ্ধান্ত পুনৰ গ্ৰহণ কৰিছে ভাৰতে ৷

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনে ভাৰতৰ আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰাৰ বাবেই দেশে বৃহস্পতি বাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকাৰ সিদ্ধান্ত লৈছিল যদিও ক’ভিড-১৯ ৰ শেহতীয়া সংক্ৰমণৰ বাবেই এই সিদ্ধান্ত বাতিল কৰে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই সংবাদ মাধ্যমক জনায় এই কথা ৷

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ নকৰে দেশৰ তথা চৰকাৰৰ মুৰব্বীয়ে ৷ ইয়াৰ পূৰ্বেও ১৯৬৬ চনত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু বিজ্ঞানী হোমী জাহাংগীৰ ভাবাৰ মৃত্যুৰ বাবে মুখ্য অতিথিৰ অনুপস্থিতিত অনুস্থিত কৰা হৈছিল গণৰাজ্য দিৱস ৷ ১৯৫২,১৯৫৩ আৰু ১৯৬৬ চনৰ পিছত ২০২১ ত মুখ্য অতিথিয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহন নকৰে ৷ উল্লেখ্য, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সোকাৰ্নো ভাৰতৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা প্ৰথম গৰাকী মুখ্য অতিথি ৷