মুকালমুৱাত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

77

আইদুল হুছেইন, নলবাৰীঃ মুকালমুৱাত ড্ৰাগছৰ সমান্তৰালকৈ অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। মুকালমুৱাৰ ওচৰৰ নাৰুৱাৰ পৰা নিশা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে মুকালমুৱা আৰক্ষীয়ে। নাৰুৱাৰ দিনো বড়ো নামৰ অবৈধ সুৰা ব্যৱসায়ী জনৰ ঘৰৰ পৰা জব্দ কৰে অবৈধ বিলাতী সুৰাখিনি।

মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই নিশা দিনো বড়োৰ ঘৰত অভিযান চলাই জব্দ কৰে বিলাতী সুৰাখিনি। আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰি সাৰিবলৈ সক্ষম হয় অবৈধ সুৰা ব্যৱসায়ী দিনো বড়ো।

উল্লেখযোগ্য যে দিনো বড়োই গোপনে অঞ্চলটোত দীৰ্ঘদিন ধৰি বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল। ড্ৰাগছৰ সমান্তৰালকৈ এতিয়া অবৈধ সুৰাৰ ঘাটি উচ্ছেদ অভিযান নামি পৰিছে মুকালমুৱা আৰক্ষী।