ডিজিটেল ডেস্কঃ মুকলি স্থানত এতিয়াৰে পৰা পঢ়িব নোৱাৰিব নামাজ। এই নিৰ্দেশ জাৰি কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে। উল্লেখ্য যে, ৰাজ্যখনত মুকলি ঠাইত নামাজ পঢ়াক লৈ বিগত কেইবামাহ ধৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। যাৰ পিছতে মুকলিকৈ নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে। গুৰুগ্ৰাম প্ৰশাসনেও পূৰ্বে কেইবাঠাইতো নামাজ আদায় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে, এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো জনোৱা হোৱা নাছিল। কিন্তু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে শুক্ৰবাৰে স্পষ্ট কৰি দিয়ে যে মুকলিত নামাজ সহ্য কৰা নহ’ব।
উল্লেখ্য যে গুৰুগ্ৰামৰ ৩৭ নং খণ্ডত নামাজ আদায় কৰাৰ বাবে কেইবাটাও হিন্দু সংগঠনে আপত্তি উত্থাপন কৰি আহিছে। সংগঠন সমূহৰ সদস্যসকলেও নামাজৰ স্থানত একত্ৰিত হৈ ‘ভাৰত মাতা কী জয়’, ‘জয় শ্ৰী ৰাম’ৰ দৰে শ্ল’গান দি আছে বুলি অভিযোগ কৰা হৈছে। তাতেই বিতৰ্ক আৰম্ভ হয়। এই সন্দৰ্ভত মনোহৰ লাল খট্টৰে কয়, “গুৰুগ্ৰামত মুকলি নামাজৰ অনুমতি দিয়া নহ’ব। ইয়াত মুকলিকৈ নামাজ আদায় কৰাৰ প্ৰথা সহ্য কৰা নহ’ব। কিন্তু আমি সকলোৱে বন্ধুত্বপূৰ্ণ সমাধান বিচাৰি একেলগে বহিম। সকলোৱে লাভালাভ পোৱা উচিত। অৱশ্যে, কোনেও আনৰ অধিকাৰ উলংঘা নকৰিব। ইয়াক মানি লোৱা নহ’ব। ‘
হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আৰক্ষী আৰু উপায়ুক্তক সমস্যাটো সমাধান কৰিবলৈ কোৱা হৈছে। যদি কোনোবাই নামাজ আদায় কৰে, তেওঁৰ ঠাইত নামাজ পঢ়ে তেন্তে আমাৰ কোনো আপত্তি নাই। ধৰ্মীয় স্থানবোৰ মানুহে তালৈ গৈ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এনে ধৰণৰ অনুষ্ঠান মুকলিকৈ কৰিব নালাগে। ‘
খট্টৰ প্ৰশাসনে আগতে আঠটা ঠাইত নামাজ আদায় কৰাৰ অনুমতি বাতিল কৰিছিল। গুৰুগ্ৰামত প্ৰাৰ্থনা কৰিবলৈ মুঠ ৩৭ টা নিৰ্ধাৰিত স্থান আছে। গুৰুগ্ৰাম প্ৰশাসনে কয় যে সেই ঠাইবোৰ ব্যক্তিগত সম্পত্তি নহয়। ঠাইবোৰ সাধাৰণ ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। গতিকে তাত প্ৰাৰ্থনা বা কোনো ধৰ্মীয় অনুষ্ঠান কৰিব নোৱাৰি।