মিৰ্জাত ৬৫০খন বিচনাযুক্ত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ শীঘ্ৰেই নিৰ্মাণ হ’ব

70

ষ্টাফৰিপৰ্টাৰ, ‘ক’ভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ জৰিয়তে ক’ভিড কেয়াৰ কেন্দ্ৰসমূহে কৰ’না মহামাৰী ৰোধৰ পদক্ষেপলৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে- এইদৰে ছ’চিয়েল মিডিয়া ফেচবুকত উল্লেখ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে কয় ‘
মিৰ্জাত ৬৫০খন বিচনাযুক্ত এনে এটা ক’ভিড কেয়াৰ কেন্দ্ৰ শীঘ্ৰেই আৰম্ভ হ’ব ৷’ উল্লেখ্য বৃহস্পতিবাৰে এই কেন্দ্ৰটিৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷