কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি চুবুৰীয়া ৰাজ্য মিজোৰামত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন। শুকুৰবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশ মতে, অহা ১০ মে’ৰ পুৱা ৪ বজাৰ পৰা ১৭ মে’ৰ পুৱা ৪ বজা পৰ্যন্ত এসপ্তাহৰ বাবে ৰাজ্যখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।
লকডাউনৰ এই সময়ত সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। বিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব লকডাউনৰ সময়ত। আনহাতে জৰুৰীকালীন সেৱা যেনে, মেডিকেল সেৱা, শাক-পাচলি, ৰেচন আদিৰ দোকান নিৰ্দিষ্ট সময়ৰ বাবে খোলা থাকিব মিজোৰামত।