দেওবাৰে আবেলি নামদাং কলিয়াৰীৰ ওচৰৰ চাংলাং মাৰ্ঘেৰিটা পথত মাৰ্ঘেৰিটা আৰক্ষীয়ে দুজন কয়লা চোৰক আটক কৰে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত অভিযান চলাই অবৈধ কয়লা ভৰ্তি এখন মাৰুতি অমনি ভানক জব্দ কৰিবলৈ সক্ষম হয়।
বাহনখনৰ ভিতৰৰ পৰা মুঠ আঠ বস্তা কয়লা উদ্ধাৰ কৰে আৰক্ষীয়ে। আটক কৰা লোক দুজনক জয়ানগৰৰ বাসিন্দা লিবিয়ান গগৈ (৩০) আৰু মাৰ্ঘেৰিটাৰ ষ্টেচন পেৰাৰ বাসিন্দা কৃষ্ণ কান্ত দেব (৩২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে, মাৰ্ঘেৰিটা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ পূৰ্বে ২১ নৱেম্বৰত মাৰ্ঘেৰিটাত টাটা মেজিক যাত্ৰীবাহী বাহনত ভৰ্তি সাত বস্তা অবৈধ কয়লা জব্দ কৰিছিল আৰক্ষীয়ে।
তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা অঞ্চলৰ অবৈধ ব্যৱসায়ীসকলে বালি, সেউজীয়া পাত আৰু তক্তাত লুকুৱাই থোৱা অবৈধ কয়লা ভৰ্তি বাহন পৰিবহনৰ বাবে নতুন কৌশল ব্যৱহাৰ কৰি আহিছে।