আজি পুৱা মাৰ্ঘেৰিটা দিহিং চাহ বাগিচাৰ সমীপত ASTC বাছ দুৰ্ঘটনাগ্ৰস্ত । মাৰ্ঘেৰিটা পৰা দেৰগাওঁ দিশে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এ এছ ২০ – ১৫১২ নম্বৰৰ অসম ৰাজ্যিক পৰিবহণ নিগম লিমিটেডৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মাৰ্ঘেৰিটা দিহিং চাহ বাগিচাৰ লাডু মিল তিনিআলিৰ কাষতে থকা দ খাৱৈত বাছ খন সোমাই যায়। অৱশ্য এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰে। বাছখনৰ চালকে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১৫ গৰাকী যাত্ৰী থকা বাছখনৰ সন্মুখত আন এখন বাছে ব্ৰেক্ মৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
