মাৰুতি ছুজুকি অলটোই অভ্যাহত ৰাখিছে লিডাৰশ্বিপ। মাৰুতি ছুজুকি অলটোই বিগত ১৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ বিক্ৰী গাড়ী হিচাপে বিবেচিত হৈছে। এই গাড়ীখন ক্রেতাৰ অন্যতম পছন্দ হিচাপে বিবেচিত হৈছে। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা এই গাড়ীখনে ক্রেতাক আকর্ষণ কৰিবলৈ সক্ষম হৈছে। এই গাড়ীখনে ভাৰতীয় গাড়ীৰ বছৰ বছৰ ধৰি এক প্ৰতীকী হিচাপে বিবেচিত হৈছে। বিগত দুই দশক ধৰি অলটোই এক বিশেষ স্থান দখল কৰি আছে। তদুপৰি ২০০৪ চনত গাড়ী বিক্ৰীত শ্ৰেষ্ঠত্ব লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি অলটোক অধিক প্ৰযুক্তিৰে আধুনিক কৰা হৈছে। উন্নত প্ৰযুক্তিৰ লগতে সুৰক্ষাৰ দিশতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতীয় গ্ৰাহকৰ মনপছন্দৰ এই গাড়ী খন সম্পৰ্কে মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেডৰ( মাৰ্কেটিং আৰু চেলছ)ৰ কাৰ্যবাহী সঞ্চালক শশাংক শ্ৰীবাস্তৱে কয় “বিগত ১৬ বছৰ ধৰি অলটোই ভাৰতীয় গ্ৰাহকৰ মাজত এক সুকীয়া স্থান লাভ কৰি আহিছে। আগলৈও ইয়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব।”
Latest article
কিষ্ণা ডায়মণ্ড আৰু গ’ল্ড জুৱেলাৰীয়ে ১০০গৰাকী সৌভাগ্যৱান গ্ৰাহকক উপহাৰ দিলে মাৰুতি চেলেৰিঅ’ গাড়ী
ভাৰতৰ অন্যতম আগশাৰীৰ গহণা ক্ষেত্ৰখনৰ খুচুৰা শৃংখল কিষ্ণা ডাইমণ্ড এণ্ড গ'ল্ড জুৱেলাৰীয়ে সমগ্ৰ দেশৰ ১০০জন সৌভাগ্যৱান গ্ৰাহকক মাৰুতি চেলেৰিঅ’ গাড়ী প্ৰদান কৰিছে। #অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ...
পুনৰ ছবিগৃহত মুক্তি পাব সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱত’
চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৮ চনৰ ছবি 'পদ্মাৱত' আকৌ এবাৰ ছবিগৃহত মুক্তি পাব। বুধবাৰে এই ঘোষণা কৰা হৈছে। ছবিখনত দীপিকা পাডুকন, ৰণবীৰ সিং...
১২ বছৰৰ পিছত ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু বিৰাট কোহলী
ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন খেল খেলিবলৈ সাজু হৈছে। তেওঁ ৩০ জানুৱাৰীৰ পৰা ইয়াত ৰেলৱেৰ বিৰুদ্ধে হ'বলগীয়া দিল্লীৰ...