মায়ঙত ভয়ংকৰ ঘটনা

16

মায়ঙৰ তেতেলিগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গৰু চুৰিৰ সন্দেহত ৰাইজে এজন লোকক আটক কৰি প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিলে এখন বাহন। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তজনাই বিৰাজ কৰিছে।উল্লেখ্য যে, মায়ঙৰ তেতেলিগুৰিত নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে অভিযোগ উঠিছে জহুৰ আলী নামৰ এজন লোকে এখন বাহনৰ সৈতে গৰু চুৰি কৰিবলৈ গৈছিল। সেই সময়তে ৰাইজে জহুৰ আলীক আটক কৰে আৰু উত্তেজিত ৰাইজে জহুৰ আলীক উত্তম মাধ্যম দি এটা ঘৰত আবদ্ধ কৰি ৰাখে।তাৰ পাছতেই উত্তেজিত ৰাইজ জহুৰ আলীক গৰু চোৰৰ সন্দেহত আটকল কৰি প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ জহুৰ আলীক উদ্ধাৰ কৰি আটক কৰে। সমান্তৰালকৈ জ্বলাই দিয়া বাহনখনো উদ্ধাৰ কৰি আনি জব্দ কৰে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।