মানুহৰ পিছত এইবাৰ কোৰোনাৰ সংক্ৰমণ বিয়পিছে জীৱ জন্তুৰ মাজলৈ। হায়দৰাবাদৰ এখন চিৰিয়াখানাত থকা ৮টাকৈ সিংহৰ দেহত এইবাৰ ধৰা পৰিছে কোভিড পজিটিভ। হায়দৰাবাদৰ জু লজিকেল পাৰ্কৰ ৪টা মতা আৰু ৪ টা মাইকী সিংহৰ দেহত ধৰা পৰিছে এই সংক্ৰমণ।
যোৱা ১৯ এপ্ৰিলত সিংহ কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল চেন্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকুলাৰ বায়’লজী চমুকৈ চিচিএমবিত। আৰটি-পিচিআৰ টেষ্টত ৮টা সিংহৰ দেহত ধৰা পৰে কোৰোনাৰ সংক্ৰমণ। ইয়াৰ পূৰ্বে আটাইকেইটা সিংহৰ দেহত জ্বৰৰ লগতে কোৰোনাৰ অন্যান্য উপসৰ্গসমূহ দেখা পোৱা গৈছিল।
ইফালে মানুহৰ পিছত জন্তুৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে চিন্তাত পৰিছে চিচিএমবি। চিৰিয়াখানাত আৱদ্ধ হৈ থকা জন্তুৰ স্বাস্থ্য পৰীক্ষা সম্ভৱ হ’লেও বনৰ জীৱ-জন্তৰ পৰীক্ষা কিদৰে সম্ভৱ হব তাক লৈ চিন্তা ব্যক্ত কৰিছে চিচিএমবিয়ে।
হায়্দৰাবাদত কোৰোনাত আক্ৰান্ত আটাইকেইটাৰ সিংহক বৰ্তমান আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে। সিংহ কেইটা বৰ্তমান সুস্থ হৈ উঠা বুলিও জানিবলৈ দিছে চিৰিয়াখানা কৰ্তৃপক্ষই।
