মানহানিৰ গোচৰঃ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ওপৰত অধিক মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ দেৱানী আদালতৰ

211

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কংগ্ৰেছৰ সংসদ সদস্য গৌৰৱ গগৈক আৰু কোনো ধৰণৰ মন্তব্য দিবলৈ বাধা দি ২৭ ছেপ্টেম্বৰত অসমৰ এখন দেৱানী আদালতে নিষেধাজ্ঞা জাৰি কৰিছে।পৰৱৰ্তী শুনানিৰ দিনলৈ এই নিষেধাজ্ঞা বাহাল থাকিব। অহা ৯ নৱেম্বৰত গ্ৰহণ কৰা হ’ব পৰৱৰ্তী শুনানি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই ১০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি দাখিল কৰে মানহানিৰ গোচৰ। গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগত এই গোচৰৰ সূত্ৰপাত ঘটিছিল, য’ত তেওঁ দাবী কৰিছিল যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এগ্ৰ’ প্ৰচেছিং ক্লাষ্টাৰ প্ৰজেক্টৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য অনুদান লাভ কৰিছে।

ৰিনিকি ভূঞা শৰ্মাই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।কোম্পানীটো উত্তৰ-পূব অঞ্চলৰ এটা বিশিষ্ট মিডিয়া সংস্থা, দুটা নিউজ চেনেল, এখন বাতৰি কাকত, এটা ডিজিটেল নিউজ পৰ্টেল, আৰু কেইবাটাও মনোৰঞ্জন চেনেলৰ মালিকীস্বত্ব আছে প্ৰাইড ইষ্টৰ হাতত।