মানকাচাৰৰ ৪ গাওঁ প্ৰধানক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ। বিগত দুদিন ধৰি চলোৱা জেৰাৰ অন্তত ৪ গৰাকী গাঁও প্ৰধানক গ্ৰেপ্তাৰ কৰে বিশেষ তদাৰকী কোষে।
উল্লেখ্য যে, ধনৰ বিনিময়ত নিযুক্তি লাভ কৰাৰ অভিযোগত মুঠ ১১ জন গাঁও প্ৰধানক জেৰা চলাইছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। গাঁও প্ৰধান কেইজনক ৫-১০ লাখ টকাৰ বিনিময়ত চাইবুৰ ৰহমান আৰু আতিকা চুলতানা নামৰ দুজনে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।