মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই লৈ গ’ল দেৱশিশুক…

431

নিশা নলবাৰীৰ বৰক্ষেত্ৰীৰ চৈয়দ আলী চৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

শুই থকা অৱস্থাত মাতৃৰ বুকুৰ পৰা হেৰাল এটি চাৰিমহীয়া দেৱশিশু।

নিশা পৰিয়ালৰ লোক শুই থকা অৱস্থাত কোনো লোকে দেৱশিশুটি লৈ যোৱাৰ সন্দেহ কৰা হৈছে।

ভাংনামাৰীৰ ছয়েদ আলী চৰৰ তাহেৰ আলী নামৰ লোকজনৰ আছিল চাৰিমহীয়া সন্তানটি।

ইফালে ঘটনা সন্দৰ্ভত ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

ঘটনাস্থলীত ভাংনামাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সন্ধান লাভ কৰা নাই।

ইফালে নিশা শিশুটি কোনে কি উদ্দেশ্য লৈ গ’ল এতিয়াও জানিব পৰা হোৱা নাই।