মাতৃয়ে স্কুল ইউনিফৰ্ম কিনি নিদিয়াৰ বাবেই অভিমানত আত্মহনন পুত্ৰৰ…

214

বহু দিনৰ পৰা এযোৰ স্কুল ইউনিফৰ্ম কিনি দিবলৈ মাতৃক আব্দাৰ জনাই আহিছিল এজন ১৫ বছৰীয়া ছাত্ৰই। কিন্তু ব্যস্ততাৰ বাবে মাকে আজি দিম কালি দিম বুলি কৈ পিছত পাহৰি গৈছিল। যাৰ বাবে মাতৃৰ ৪০ বছৰীয়া জন্মদিনাই আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে অভিমানী পুত্ৰই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এযোৰ ইউনিফৰ্মৰ বাবেই যোৱা ১৫ জুলাইত নিজ ঘৰত আত্মহত্যা কৰে আলৱাৰ বেহৰৰোৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰোহিতে। আৰক্ষীয়ে ইতিমধ্যে এখন ছুইছাইড নোটো উদ্ধাৰ কৰিছে।

জানিব পৰা মতে, মৃত ৰোহিতৰ মাতৃ বেহৰৰৰ এক চিনীৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। কেইবছৰমান পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু ঘটিছিল। মহিলা গৰাকীৰ দুটা সন্তান আছে। তেওঁ পুত্ৰৰ সৈতে বেহৰৰৰ এটা ভাড়াঘৰত বাস কৰে। আনহাতে কন্যা থাকে ককাকৰ ঘৰত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত কিছু দিনৰ পৰাই ৰোহিতে মাকক এযোৰ ইউনিফৰ্ম কিনি দিবলৈ অনুৰোধ কৰি আহিছিল। কিন্তু ব্যস্ততাৰ বাবে মাতৃয়ে বাৰে বাৰে পাহৰি গৈছিল সেই কথা। ১৫ জুলাইত তেওঁৰ ৪০ বছৰীয়া জন্মদিনৰ দিনটোতো পুত্ৰ ৰোহিতে ইউনিফৰ্ম কিনি দিবলৈ আব্দাৰ কৰে।

যাৰ বাবে সেইদিনা পুত্ৰক গালি পাৰিছিল মহিলাগৰাকীয়ে। ৰোহিতৰ বাবেই তেওঁৰ স্কুললৈ যোৱাত দেৰি হৈছে বুলিও খং কৰিছিল শিক্ষয়িত্ৰী মাতৃয়ে। আনহাতে যোৱাৰ সময়ত সন্ধিয়া উভতি আহি ইউনিফৰ্ম কিনি দিব বুলি তেওঁ ৰোহিতক আশ্বাস দিছিল।

কিন্তু অভিমানী ৰোহিতৰ মনটোৱে মাকৰ শাসন মানি ল’ব নোৱাৰিলে। মাতৃ স্কুললৈ যোৱাৰ পিছতে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ঘৰৰ দুৱাৰ বন্ধ কৰি চৰম পন্থা বাচি লয়।

ইফালে স্কুলৰ পৰা ঘৰলৈ উভতি পুত্ৰক নিথৰ অৱস্থাত প্ৰত্যক্ষ কৰি হাহাকাৰ লাগে মাতৃৰ। এযোৰ ইউনিফৰ্ম কিনি নিদিয়াৰ বাবেই এনেদৰে এটি কিশোৰে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতো।