মাজুলীৰ ৰাজপথত বৃহৎ আকাৰ বগলী আৰু মৎস্য । হনুমান সুগীবৰ সং লৈ পিছে পিছে সৰ্বানন্দ সোণোৱাল আগবাঢ়িল মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। উজনি অসমৰ অন্যান্য বিধান সভা সমষ্টিৰ লগতে ৯৯ নং মাজুলী বিধান সভা সমষ্টিতো মনোনয়ণ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নীলকন্ঠ মন্দিৰত সেৱা লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বিশ সহস্ৰাধিক দলীয় সমৰ্থকে ঢোলে ডগৰে জিলা সদৰ গড়মুৰ মিনি ষ্টেডিয়ামৰ পৰা মুখ্যমন্ত্ৰী সোণোৱালক আদৰি আনে সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প, মিচিং বিহু, দেউৰী বিহুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য-গীতেৰে।
হাজাৰ হাজাৰ লোকে সৰ্বানন্দ সোণোৱাল জিন্দাবাদ শ্ল’গান দি আকাশ বতাহ মূখৰিত কৰে। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস, কেশৱ মহন্ত, অতুল বৰা, প্ৰমোদ বড়োই ।