মাজনিশা ধৰ্ণাত বহা গোৱা কংগ্ৰেছৰ কেইবাজনো নেতাক আৰক্ষীৰ আটক…

71

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰৰ সাক্ষাতৰ বাবে অনুমতি লাভ নকৰাৰ বিৰুদ্ধে ধৰ্ণাত বহা গোৱা কংগ্ৰেছৰ উপ-সভাপতিসহ কেইবাজনো কংগ্ৰেছ নেতাক শুকুৰবাৰে মাজনিশা আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে, কৃষি আইন সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে গোৱাত বাহৰ পাতিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰ। সেই সময়তে শুকুৰবাৰে মাজনিশা গোৱা কংগ্ৰেছৰ কেইবাজনো নেতাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী থকা হোটেল খনৰ বাহিৰত তেওঁক সাক্ষাতৰ বাবে যায়।

কংগ্ৰেছ নেতাসকলে কৰ্ণাটকৰ সৈতে মহাদায়ী নদীৰ পানীক লৈ অব্যাহত থকা বিবাদ সন্দৰ্ভত আলোচনাৰ বাবে প্ৰকাশ জাৱড়েকাৰক সাক্ষাৎ কৰিব বিচাৰে। কিন্তু হোটেল কৰ্তৃপক্ষই তেওঁক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰাত হোটেলৰ লবীতে কংগ্ৰেছ নেতা কেইজনে ধৰ্ণা প্ৰদৰ্শন কৰে। তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাজনিশা কংগ্ৰেছ নেতাকেইজনক আটক কৰি পনজী আৰক্ষী থানালৈ লৈ যায়।

জানিব পৰা মতে, আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ নেতা সকলৰ ভিতৰত গোৱা কংগ্ৰেছৰ প্ৰদেশ উপ-সভাপতি সংকল্প ওমনকৰ, যুৱ কংগ্ৰেছৰ প্ৰদেশ সভাপতি বৰদ মৰদোলকাৰ, জনাৰ্দন ভাণ্ডাৰীও আছে।