মাছখোৱাত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী…

51

শনিবাৰে মাছখোৱা আইটি প্ৰকল্পত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীত দলত যোগদান কৰে আম আদমী পাৰ্টীৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি জিয়াউৰ ৰহমানে। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু আহ্বায়ক জগদীশ ভূঞাৰ উপস্থিতিত এই অনুষ্ঠানত জিয়াউৰ ৰহমানৰ লগতে আপৰ সংখ্যালঘু কোষৰ সহস্ৰাধিক নেতা-কৰ্মীয়েও যোগদান কৰে। আনহাতে বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক অকণ শইকীয়াইও আজি অসম জাতীয় পৰিষদত যোগ দিয়ে।

এই যোগদান অনুষ্ঠানত উপস্থিত থাকি অজাপৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে কয় যে ২০২১ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী সকলোৱে আজি অসম জাতীয় পৰিষদৰ লগত আছে বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।