মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত হোজাইত ডেৰ শতাধিক মহিলাৰ প্ৰতিবাদ

83

সমৰ দেৱনাথ, হোজাইঃ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা ভোটাৰক প্ৰলোভিত কৰিবলৈ অস্ত্ৰ হিচাপে লৈছিল মাইক্ৰ’ ফাইনেন্স কোম্পানীৰ ঋণ ৰেহাইৰ বিষয়টো। বৰ্তমান চৰকাৰে মাইক্ৰ’ ফাইনেন্স কোম্পানীৰ পৰা বিশেষকৈ গ্ৰাম্য এলেকাৰ মহিলাসকলে লোৱা ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আগবাঢ়িলেও ঋণ ৰেহাইৰ ক্ষেত্ৰত বান্ধি দিছে কেইবাটাও চৰ্ত। যাৰ বাবে এতিয়া ৰাজ্য জুৰি ঋণগ্ৰস্ত মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নমা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বাৰ্ষিক ১ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা পৰিয়াল তথা ২টাতকৈ অধিক ঋণ লৈ থোৱা পৰিয়ালৰ ঋণ ৰেহাই দিয়া নহয় বুলি চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে। তদুপৰি আন বহুবোৰ চৰ্তও উত্থাপন কৰিছে চৰকাৰে। এনে পৰিপ্ৰেক্ষিত এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ ৰাজপথত নামিছে মহিলাসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ কোমোৰাকতা অঞ্চলৰ শংকৰ মিছনতো আজি ডেৰ শতাধিক মহিলাই ঋণ ৰেহাইৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।