মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত মৰিগাঁও জিলা সচেতন মহিলা মঞ্চৰ প্ৰতিবাদ

85

মৰিগাঁওঃ নিৰ্বাচনৰ পূৰ্বে সকলোৰে বাবে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ কথা কৈছিল যদিও শেহতীয়াকৈ এই ঋণ মাফ কৰাৰ দিশত নানা নীতি-নিৰ্দেশনা চৰকাৰে বান্ধি দিয়াৰ পিছতে মহিলা সকলৰ মাজত দেখা গৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মৰিগাঁও সচেতন মহিলা মঞ্চই আজি সকলোৰে বাবে ঋণ ৰেহাইৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ ঋণ মাফ কৰক, মহিলাক সমান চকুৰে চাওঁক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে সকলো মহিলাৰ ঋণ মাফ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰতিবাদী স্থানৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰে। সকলোৰে বাবে এই ঋণ মাফ কৰি নিদিলে অনাগত দিনত জংগী আন্দোলন কৰিবলৈ ওলাই আহিব বুলি হুংকাৰ দিয়ে মহিলাসকলে।