নুনমাটিৰ ভবানীপুৰস্থিত মহেন্দ্ৰ কন্দলি একাডেমীৰ পৰা এইবাৰ প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ শিক্ষাৰ্থীসকলে বিদ্যালয় তথা অঞ্চলটোলৈ বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে|মুঠ দহগৰাকী পৰীক্ষাৰ্থীৰ দুগৰাকী দ্বিতীয় বিভাগত আৰু আঠগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ মান ৰক্ষা কৰে। পৰীক্ষাৰ্থীসকলৰ এগৰাকীয়ে ডিষ্টিংছন আৰু পাঁচগৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে | লগতে বিভিন্ন বিষয়ত সৰ্বমুঠ পঁচিছ সংখ্যক লেটাৰ লাভ কৰা শিক্ষাৰ্থীসকলক, শিক্ষক-অভিভাৱক সকলক প্ৰধান শিক্ষক মাধৱ কলিতাই অভিনন্দন জ্ঞাপন কৰে |
