মহিলাৰ পৰা ঘোচ লৈ গ্ৰেপ্তাৰ হল অসম সচিবালয়ৰ আবকাৰী বিষয়া

107

গুৱাহাটী; মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ চলনাৰে ঘোচ লৈ গ্ৰেপ্তাৰ হল খোদ সচিবালয়ৰ চৰকাৰী বিষয়া। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ধৃত বিষয়জন হৈছে সচিবালয়ৰ আৱকাৰী বিষয়া ভূপেন হাজৰিকা।

উল্লেখ্য যে, দালাল হাজৰিকাই ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ পৰা মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ৫ হাজাৰ টকা লোৱা অভিযোগ উত্থাপন হৈছিল। মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত মন্ত্ৰী বিমল বৰাৰ ব্যক্তিগত সহায়ক সুমিত দেৱে দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে দিছপুৰ আৰক্ষী থানাই দালাল ভূপেন হাজৰিকাক গ্ৰেপ্তাৰ কৰে।

প্ৰণিধানযোগ্য যে, বিভিন্ন সময়ত সচিবালয়ত আমোলা-বিষয়াক সাক্ষাতৰ বাবে দালালে ঘোচ বিচৰা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছিল।তাৰ মাজতে স্বয়ং চৰকাৰী বিষয়া এনেধৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কাৰ্যই সচিবালয়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।