মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট! বৃহস্পতিবাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব উদ্ধৱ ঠাকৰেয়ে

257

মহাৰাষ্ট্ৰৰ সংকটত এক পৰীক্ষাৰ সন্মুখীন হৈছে উদ্ধৱ ঠাকৰে। বৃহস্পতিবাৰে তেওঁ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপালে ইতিমধ্যে মাতি পঠিয়াইছে ঠাকৰেক। ফলত অহা ২৪ ঘণ্টাত মহা বিকাশ আঘাৰী চৰকাৰৰ বিধায়কসকলৰ ফ্ল’ৰ টেষ্ট অনুষ্ঠিত হ’বলৈ গৈ আছে৷ ইফালে একনাথ শিণ্ডে ইতিমধ্যে গুৱাহাটীৰ কামাখ্যা মন্দিৰত অনুগামীসকলৰ সৈতে প্ৰণাম জনাইছে। তাৰ পৰা বৃহস্পতিবাৰে মুম্বাইত উপস্থিত হ’ব বুলিও তেওঁ কয়।

ইফালে উদ্ধৱ থাকৰে চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আহ্বান লাভ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু হৈছে। এই কথা কয় শিৱসেনাৰ সাংসদ তথা মুখপাত্ৰ সঞ্জয় ৰাউটে। বৃহস্পতিবাৰে পুৱা হ’বলগীয়া আস্থা ভোটত কি পৰিসংখ্যা থিয় দিব পাৰে তাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে শিৱসেনাৰ নেতৃত্ব। কোভিডৰ দ্বাৰা প্ৰভাৱিত বিধায়কসকলে আস্থা ভোটত অংশ ল’ব নে নহয় সেই সন্দৰ্ভতো জল্পনা-কল্পনা চলিছে।

সঞ্জয় ৰাউটে কয় যে, “এই সিদ্ধান্ত সম্পূৰ্ণ অবৈধ। শিৱসেনাৰ ১৬ জন বিধায়কক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। গতিকে এই ফ্ল’ৰ টেষ্ট এক অবৈধ প্ৰক্ৰিয়া।” মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সিদ্ধান্তৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে শিৱসেনাই। এই সন্দৰ্ভত দলৰ মুখ্য হুইপ সুনীল প্ৰভুৱে গোচৰ তৰিছে। প্ৰবীণ অধিবক্তা অভিষেক মনু সিংভীয়ে বছেনাৰ হৈ এই গোচৰত যুঁজি আছে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্বাৰীয়ে বিধানসভাৰ সম্পাদক ৰাজেন্দ্ৰ ভাগৱতলৈ পত্ৰ লিখি বৃহস্পতিবাৰে পুৱা ১১ বজাত বিশেষ অধিৱেশন আহ্বান কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে তেওঁ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক আস্থা ভোটত তেওঁৰ মুখামুখি হ’বলৈ বার্তা প্রেৰণ কৰে৷ জানিব পৰা মতে, ৰাজ্যপালে এই আস্থা ভোটৰ খণ্ডটোৰ এটা ভিডিঅ’ বনাবলৈও নিৰ্দেশ দিছে। ৰাজনৈতিক বিশ্লেষকৰ মতে, বিজেপিৰ সংসদীয় নেতা দেৱেন্দ্ৰ ফাৰনাবিশক সাক্ষাৎ কৰি ৰাজ্যপালগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, একনাথ শিণ্ডে ইতিমধ্যে গুৱাহাটী এৰি গোৱালৈ গৈছে। স্পাইচজেটৰ বিমানেৰে গোৱালৈ লৈ যোৱা হৈছে শ্বিণ্ডেক। জানিব পৰা মতে, বৃহস্পতিবাৰে হ’বলগীয়া আস্থা ভোটতো তেওঁলোকে অংশ ল’ব। গুৱাহাটীৰ জনপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে বুধবাৰে বিয়লি ৩ বজাৰ ভিতৰত গোৱাৰ ডাবোলিম বিমানবন্দৰত উপস্থিত হ’ব শিন্দে সেনা। বৰ্তমান একনাথ শিণ্ডেৰ সৈতে ৩৯ জন বিধায়ক আছে। তাৰোপৰি কেইবাজনো স্বতন্ত্ৰ বিধায়ক আছে। আস্থা ভোটৰ কিছু সময়ৰ পাছতে এন চি পিৰ মুৰব্বী শৰদ পাৱাৰৰ গৃহত এখন জৰুৰী সভা অনুষ্ঠিত হয়। উপস্থিত আছে দিলীপ ৱালছে পাটিল আৰু জয়ন্ত পাটিল।