ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ গড়চিৰোলীত আৰক্ষী- মাওবাদীৰ সংঘৰ্ষত কমেও ২৬ জন মাওবাদী নিহত হয়। মুম্বাইৰ পৰা ৯০০ কিলোমিটাৰ দূৰত থকা ঠাইখনত মাওবাদী লুকাই থকাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰে। অৱশ্যে, মাওবাদীসকলে সংশ্লিষ্ট অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। যাৰ ফলত আৰক্ষীয়েও গুলী চালনা কৰিবলৈ বাধ্য হৈছিল। জানিব পৰা মতে এতিয়ালৈকে ২৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইফালে এই সংঘৰ্ষত কেইবাজনো আৰক্ষী জোৱানো আহত হয়।
জানিব পৰা মতে আৰক্ষীয়ে শনিবাৰে পুৱা গড়চিৰোলীৰ মাৰ্দিনতলাৰ কোৰ্চি বনাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষী দলটোক অতিৰিক্ত আৰক্ষী অধীক্ষক সৌম্য মুণ্ডেয়ে নেতৃত্ব দিছিল। এই অভিযানকালত প্ৰথমতে মাওবাদীয়ে মহাৰাষ্ট্ৰ আৰক্ষীৰ ‘চি-৬০’ আৰক্ষী কমাণ্ডোসকলক লক্ষ্য কৰি গুলিবৰ্ষণ কৰে। যাৰ ফলত আৰক্ষীয়েও গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত দীৰ্ঘসময় ধৰি চলে গুলিযুদ্ধ। ঘটনাটোত কেইবাজনো আৰক্ষী আহত হোৱাৰ খবৰ পোৱা গৈছে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ইফালে, এতিয়ালৈকে ২৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ঘটনাস্থলীৰ চাৰিওফালৰ অঞ্চলত তালাচী চলাই আছে। আৰক্ষীয়ে এই ঘটনাটোত কোনো স্থানীয় ব্যক্তি জড়িত আছিল নেকি সেয়াও অনুসন্ধান কৰি আছে। ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি কোৱা হৈছে। ইফালে, বাতৰি অনুসৰি, আহত আৰক্ষীসকলৰ কেইবাজনৰো স্বাস্থ্যৰ অৱস্থা সংকটজনক। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।