ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত শনিবাৰেও আতংক অব্যাহত ৰাখিছে প্ৰবল বৃষ্টিপাতে। বিগত কিছু দিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্ঘটনাত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। খবৰ অনুসৰি, বৃহস্পতিবাৰৰ পৰা শনিবাৰ পৰ্যন্ত মহাৰাষ্ট্ৰৰ বেলেগ বেলেগ এলেকাত মুঠ ১৩৬ জন লোকৰ মৃত্যু ঘটিছে। ৰায়গড়, ঠানে, ৰত্নাগিৰি আদি কেইবাটাও অঞ্চল বৰ্তমানে বানে বুৰাই ৰাখিছে। এনে দুৰ্যোগ প্ৰভাৱিত এলেকাত এনডিআৰএফ বাহিনী, নৌসেনা বাহিনী আৰু আৰক্ষীৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখি বৰ্তমালৈকে ১০ হাজাৰতকৈও অধিক লোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ইফালে কৰ্ণাটকতো যোৱা ২৪ ঘণ্টা ধৰি দি থকা নেৰানেপেৰা বৰষু্ণৰ ফলত বানসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে কেইবাটাও অঞ্চলত। ইতিমধ্যে ৭ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে। উদ্ধাৰকাৰী বাহিনী সষ্টম হৈ পৰিছে যিকোনো বিপৰ্যয়ৰে মোকাবিলা কৰিব পৰাকৈ। কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত সংঘটিত দুৰ্ঘটনাত বৰ্তমালৈকে ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ প্ৰকাশ পাইছে।
