মহাৰাষ্ট্ৰৰ নাগপুৰত শুকুৰবাৰে নিশা এখন কোভিড হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৪ জনকৈ লোক নিহত হোৱাৰ উপৰিও আহত হয় বহু কেইজন লোক। আহত সকলৰ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও ইয়াৰে ২৭ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। পিছত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।