মহামাৰী আইনৰ অধীনত ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু…

60

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত দলবদ্ধ বলাৎকাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাতৰ বাবে যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰিছে নয়ডা আৰক্ষীয়ে। ৰাহুল আৰু প্ৰিয়ংকাৰ উপৰিও অইন ১৫০ জন কংগ্ৰেছ নেতা-কৰ্মী আৰু ৫০ জন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮, ২৬৯ আৰু ২৭০ অনুসৰি এই গোচৰ ৰুজু কৰা হৈছে।

প্ৰণিধানযোগ্য যে, বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাতৰ বাবে গৈছিল। কিন্তু গ্ৰেটাৰ নয়ডাত তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত হাথৰসত ১৪৪ ধাৰা জাৰি হৈ থকা বাবেই তেওঁলোকক যাবলৈ দিয়া নহয় বুলি মন্তব্য কৰে নয়ডা আৰক্ষীয়ে।