মহানগৰীৰ মজজিদ ছেনিটাইজ কৰিলে আৰ এছ এছ কৰ্মীয়ে

90

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অৰ্থাৎ দেওবাৰে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে। মহানগৰীৰ বুঢ়া মজজিদত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্হাৰ প্ৰায় ২০ জনতকৈয়ো অধিক কৰ্মকৰ্তাই মজজিদৰ চৌপাশ ছেনিটাইজ কৰা পৰিলক্ষিত হ’ল। ধৰ্ম নিৰপেক্ষতাৰ এক নিৰ্দশন দাঙি ধৰি আৰ এছ এছ ৰ কৰ্মী সকলে গুৱাহাটীৰ কেইবাটাও ধৰ্মীয় অনুস্হান ছেনিটাইজ কৰে।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ৮ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব সকলো ধৰ্মীয় অনুস্হান। যদিও বা সকলো ধৰণৰ ধৰ্মীয় অনুস্থান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰেহে যাব পাৰিব লোক সকল। গুৱাহাটী বামুনী মৈদাম শাখাৰ স্বয়ংসেৱক অনুপ জ‍্যোতি হাজৰিকাই কয় ” মহানগৰীত থকা মন্দিৰ ,মজজিদ, গুৰুদ্বাৰ সকলো উপাসনা স্হানত প্ৰতি শনিবাৰে আৰু দেওবাৰে সম্পূৰ্ণ ধৰণে ছেনিটাইজ কৰা ব‍্যৱস্হা কৰিব সংস্হাটোৱে।’
আনহাতে আৰ এছ এছ ৰ এনে ধৰণৰ প্ৰদক্ষেপক বুঢ়া মজজিদ কমিটিৰ বিষয় ববীয়া সকলে শলাগ লোৱাৰ লগতে আদৰণি জনায়।