মহানগৰীৰ উজান বজাৰত নিজ গৃহতে এগৰাকী কিশোৰীক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, ডিম্পল কুমাবট নামৰ ১৪ বছৰীয়া কিশোৰী গৰাকী নিজৰ ভাড়াঘৰত অকলে থকাৰ সময়তে কোনো অচিনাক্ত দুৰ্বৃত্তই প্ৰেছাৰ কুকাৰেৰে মৰিয়াই হত্যা কৰে।
গুৱাহাটী ক্লাৱৰ স্কুল এঞ্জেলচ অফ গডচৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী ঘৰত অনলাইন ক্লাছত ব্যস্ত থকাৰ সময়ত দুৰ্বৃত্তই সংঘটিত কৰে হত্যাকাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
