মহানগৰীৰ বৃদ্ধ দম্পত্তি হত্যাকাণ্ড: পুনৰ দুজনক আটক

83

গুৱাহাটী: মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ বৃদ্ধ দম্পত্তিৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ দুজনক আটক কৰিছে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অপৰাধ শাখাই দম্পত্তিহালৰ চোৱা-চিতাৰ বাবে থকা কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতে মঙ্গলবাৰে পুনৰ পাথৰকুঁৱৰীৰ পৰা সত্যেন্দ্ৰ সিং আৰু বৰবাৰীৰ পৰা পৰেশ চৌধুৰী নামৰ লোক দুজনক আটক কৰে।

প্ৰণিধানযোগ্য যে, দেওবাৰে বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ নিবাসী বৃদ্ধ দম্পত্তিহালৰ মৃতদেহ ঘৰৰ শোৱনী কোঠাত উদ্ধাৰ হৈছিল। দুৰ্বৃত্তই খিৰিকীৰ আইনা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুয়োকে চোকা অস্ত্ৰৰে হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা তিনিওজনকে জেৰা অব্যাহত ৰাখিছে।