মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
মহানগৰীৰ সমীপৱৰ্তী পানীখাইতীৰ আমগাঁৱত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ উলংগ মৃতদেহ।
হাত-ভৰি বন্ধা যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ।
ঘাইপথৰ দাঁতিতে পেলাই থোৱা যোৱা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰে।
তাৰ পিছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰোণত্তৰ পৰীক্ষাৰ বাবে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
যুৱতীৰ নগ্ন মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
